পাঞ্জাবাৰীঃ মহানগৰীৰ বেলতলাত আজিৰে পৰা সাতদিনীয়াকৈ  অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন সাংবাদিক কৰ্মশালা। সংবাদ সেৱাৰ প্ৰতি আগ্ৰহী লোকৰ বাবে গুৱাহাটীৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে এই গ্ৰীষ্মকালীন সাংবাদিকতাৰ কৰ্মশালা।

আজিৰ কৰ্মশালা মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাকে ধৰি ছপা আৰু বৈদ্যুতিক মাধ্যমৰ কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকে।

সংবাদ মাধ্যমৰ সামাজিক দায়ৱদ্ধতাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে। অসমৰ সংবাদ গোষ্ঠী আৰু নিবনুৱা সমস্যা সম্পৰ্কে ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই।

অানহাতে ব্যৱহাৰিক সাংবাদিকতা সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই। আগ্ৰহীসকলৰ সৈতে বহুকেইগৰাকী সাংবাদিকে অন্তৰংগ অনুষ্ঠানত মত বিনিময় কৰে। আজিৰ মুকলি অনুষ্ঠানত সমষ্টিৰ বিধায়ক অতুল বৰাই নিজৰ ভাষণত ৰাজনীতি আৰু সংবাদ মাধ্যমৰ ভূমিকাৰ কথা উল্লেখ কৰে।

এই কৰ্মশালাত আগন্তুক দিনত কেবাগৰাকী অভিজ্ঞ তথা জ্যেষ্ঠ সাংবাদিক আৰু ৰেডিঅ' জকীয়ে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। আজি কৰ্মশলাৰা প্ৰথম দিনটোত ৩২ গৰাকী আগ্ৰহী প্ৰাৰ্থীয়ে ভাগ লয়।