ডিজিটেল ৰিপ’ৰ্টঃ শাৰদীয় দুৰ্গোৎসৱ আহি পালেই সাতখন-আঠখন হৈ পৰে সকলোৰে গা। দীঘলীয়া বন্ধ পাই বহুতেই ফুৰাৰ প্লেন কৰে। কোনোৱে যদি গুৱাহাটীতে পূজাৰ আনন্দ উপভোগ কৰে আন কোনোৱে আকৌ পূজাৰ আচল সোঁৱাদ ল’বলৈ উৰা মাৰে কলকাতালৈ। মুঠৰ ওপৰত পূজা বুলিলেই অধিকাংশ লোকেই কৰ্মব্যস্ততাৰ পৰা আজৰি হৈ আনন্দ উপভোগৰ পূৰ্ণ সুযোগ লাভ কৰে।
পিছে এইহেন উছৱৰ বতৰতো কেতবোৰ বৃত্তিৰ লোকে সাধাৰণ দিনবোৰতকৈয়ো অধিক পৰিশ্ৰম কৰিবলৈ বাধ্য হৈ পৰে। আঙুলিৰ মূৰত লিখিব পৰা এই বৃত্তিকেইটাৰ ভিতৰত অন্যতম হৈছে নিৰাপত্তাৰক্ষী আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক। পূজা বুলিলেই আন দিনবোৰতকৈ অধিক কষ্ট কৰিবলগীয়াত পৰে টিভি চেনেলৰ সাংবাদিকসকলে। বাতৰিৰ বাবে এখন মণ্ডপৰ পৰা আনখন মণ্ডপলৈ দৌৰি দৌৰি ভাগৰি পৰে টিভিৰ সাংবাদিকসকল।