গুৱাহাটীঃ মঙলবাৰৰ পুৱাৰে পৰা ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাৰ যৌথ মঞ্চই আহ্বান জনোৱা বিটিএডি বন্ধৰ সময়ছোৱাত কোকৰাঝাৰৰত জ্যেষ্ঠ সাংবাদিক ধনঞ্জয় নাথক একাংশ বন্ধ সমৰ্থকে বেয়াকৈ মাৰ ধৰ কৰাৰ ঘটনাক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বাতৰি সংগহ কৰিব যোৱাৰ সময়তে একাংশ লোকে মাৰধৰ কৰে সাংবাদিকগৰাকীক৷
বাতৰি সংগহ কৰিব যোৱাৰ সময়তে একাংশ লোকে মাৰধৰ কৰে সাংবাদিকগৰাকীক৷ তাৰোপৰি বালাজান তিনালীত বন্ধ সমৰ্থনকাৰীসকলে শাক পাচলিৰ দোকানসমুহ লণ্ডভণ্ড কৰি থকাৰ সময়তে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্রমণৰ লক্ষ্য কৰি লয় বন্ধৰ সমৰ্থকে। newsnextone.comৰ আৱাসিক সম্পাদক, আছাম টকচৰ কোকৰাঝাৰৰ সংবাদদাতা তথা জনসাধাৰণ আৰু গণঅধিকাৰ কাকতৰ সাংবাদিক ধনঞ্জয় নাথক মুল লক্ষ্য কৰি লয় আৰু শিল ইটাৰে আক্ৰমণ কৰে।