কোকৰাঝাৰঃ এগৰাকী জ্যেষ্ঠ সাংবাদিকক বন্ধৰ সমৰ্থকে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷ কোকৰাঝাৰৰ জ্যেষ্ঠ সাংবাদিক ধনঞ্জয় নাথক একাংশ বন্ধ সমৰ্থকে বেয়াকৈ মাৰ ধৰ কৰাৰ ঘটনাক সহজে লব পৰা নাই ৰাইজে৷ বাতৰি সংগহ কৰিব যোৱাৰ সময়তে একাংশ লোকে মাৰধৰ কৰে সাংবাদিকগৰাকীক৷ ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাকে ধৰি পাঁচটাকৈ ছাত্ৰ সংগঠনে আহবান জনোৱা ২৪ ঘণ্টীয়া বি টি এ ডি বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছিল কোকৰাঝাৰত।
কোকৰাঝাৰৰ বিভিন্ন স্থানৰ ৰাজপথত প্ৰতিবাদকাৰী সকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও হাগ্ৰামা মহিলাৰীৰ পুত্তলিকা দাহ কৰে। কোকৰাঝাৰ জিলাৰ বালাজান তিনালী, চৰাইখোলা, চন্দ্ৰপাৰা, কাৰিগাঁওৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ সমূহত বন্ধ সমৰ্থকসকলে কেবাখনো দুচকীয়া, চাৰিচকীয়া বাহনৰ লগতে আৰু সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ ক্ষতিসাধন কৰে।