ডিব্ৰুগড়ঃ সাংবাদিকৰ নিৰাপত্তা দিয়াৰ দাবী উত্থাপন কৰি অহাৰ মাজতে শনিবাৰে নিশা খোদ মহানগৰীৰ মাজমজিয়াৰ ধীৰেনপাৰাত এগৰাকী সাংবাদিকক আক্ৰমণ কৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ সাংবাদিক সকল৷ গনতন্ত্রৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে নিৰাপওাৰ অভাৱত পৰিছে ৰাজ্যত৷
কিছুদিন পুৰ্বে দৰং জিলাৰ মঙলদৈত চহৰত দিন দুপৰতে একাংশ লোকে সাংবাদিকক আক্ৰমণ কৰে৷ তাৰ পাছতে শনিবাৰে নিশা মহানগৰীত সাংবাদিকক আক্ৰমণ কৰা ঘটনাই প্ৰমাণ কৰে প্ৰকৃততে সাংবাদিকসকলে নিৰাপওাৰ অভাৱত পৰিছে৷ সাংবাদিক সুৰক্ষা মঞ্চ অাৰু চাবুৱাৰ মিডিয়া ফ’ৰামে সাংবাদিকক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে৷