newsnextone.com | কলকাতাঃ বাঙালী ছবিৰ জনপ্ৰিয় অভিনেতা জয় মুখাৰ্জীক শনিবাৰে পশ্চিম বংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ শুকুৰবাৰে জয় মুখাৰ্জীৰ বিৰুদ্ধে অভিনেত্ৰী চয়ন্তিকা বেনাৰ্জীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ 

অভিনেত্ৰী চয়ন্তিকা বেনাৰ্জীয়ে তেওঁক হাৰাশাস্তি কৰা বুলি অভিযোগ দাখিল কৰিছিল টালিগঞ্জ আৰক্ষী থানাত৷ তাৰ পিছতে টালিগঞ্জ আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই জয় মুখাৰ্জীক গ্ৰেপ্তাৰ কৰি আলিপুৰ আদালতত হাজিৰ কৰে৷ আদালতে জামিনত মুকলি কৰি দিয়ে মুখাৰ্জীক।