কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত আজিৰে পৰা তিনিদিনিয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ২৮ তম অসম জুডো প্ৰতিযোগিতা। কোকৰাঝাৰ জিলা জুডো সন্থাৰ উদ্যোগত ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত ইতিমধ্যে ৰাজ্যৰ ১২ খন জিলাৰ ৩০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

২৮তম জুডো প্ৰতিযোগিতা উপলক্ষে আজি ৰাতিপুৱা কাৰ্যসূচী অনুসৰি  সন্থাৰ পতাকা উত্তোলনৰে খেলৰ শুভাৰম্ভ কৰে জিলা জুডো সন্থাৰ অধ্যক্ষ তথা বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই৷ ইয়াৰ পিছতে ৰাজ্যিক জুডো সন্থাৰ পতাকা উত্তোলন কৰে ৰাজ্যিক জুডো সন্থাৰ সভাপতি শৈলেন্দ্ৰ ডেকাই।

ইপিনে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক জুডো সন্থাৰ সাধাৰণ সম্পাদক বানীব্ৰত দাসে সদৰী কৰা মতে প্ৰতিযোগিতাখনত ১২ খন জিলাৰ পৰা মুঠ ৩০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে আৰু প্ৰতিযোগিতাখনৰ জৰিয়তে অভিজ্ঞতা সম্পন্ন খেলুৱৈ সকলক বাচনি কৰা হ'ব বুলি মন্তব্য কৰে।

তদুপৰি বাচনিকৃত তথা বিজয়ী খেলুৱৈ সকল ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হব বুলি মন্তব্যৰে নৱ প্ৰজন্মক শিক্ষাৰ লগতে খেলৰ প্ৰতিও আগ্ৰহী হ'বলৈ আহ্বান জনাইছে ৰাজ্যিক জুডো সন্থাৰ সাধাৰণ সম্পাদক বানীব্ৰত দাসে। উল্লেখ্য যে আজিৰে পৰা কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত আৰম্ভ হোৱা অসম জুডো প্ৰতিযোগিতাখন কাইলৈ অৰ্থাৎ ২৭ আগষ্টত সামৰণি পৰিব৷