গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানে ঢুকি নোপোৱা এখন শিশু উদ্যান। গুৱাহাটী মহানগৰীৰ আঠগাঁওস্থিত বিষ্ণু-জ্যোতি শিশু উদ্যানখন বৰ্তমান ঘন অৰণ্য সদৃশ হৈ পৰিছে। 

কেডাৰৰোড উন্নয়ন সমিতিয়ে ২৫ ফেব্ৰুৱাৰী ২০০৯ চনতে নিৰ্মাণ কৰা এই উদ্যানখনৰ আধাৰশিলা উদ্বোধন কৰিছিল সেই সময়ৰ পৌৰ নিগমৰ মুখ্য প্ৰশাসক কেপ্টেইন ৰবীন বৰদলৈয়ে। সম্প্ৰতি সমিতি আৰু চৰকাৰৰ মতভেদৰ বাবে এনেদৰে লজ্জাজনকভাৱে পৰি ৰৈছে পাৰ্কখন। 

আনহাতে সংবাদ মাধ্যমৰ আগত স্বচ্ছ ভাৰত অভিযানৰ শ্লোগান গোৱা দল-সংগঠনৰো আজিলৈ চকু পৰা নাই উদ্যানখনলৈ। কি কদৰ্যময় পৰিবেশ। বাহিৰ ফালেই চাব নে ভিতৰৰ দৃশ্যয়ে চাব। যিফালে চাব সেইফালেই জাবৰ-জোথৰ। বাহিৰ ফালে আকৌ গুৱাহাটী পৌৰ নিগমে জাৱৰ পেলোৱা ঠাইতকৈও লেতেৰা। 

ইফালে বিভাগীয় সমিতিৰ অকৰ্মণ্যতা আৰু দায়িত্বহীনতাৰ বাবে পাৰ্কখনৰ ভিতৰত অসামাজিক কাৰ্যকলাপ অথাৎ সুৰাৰ আড্ডা চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিভিন্ন লোকে আকৌ শৌচাগাৰৰূপে ব্যৱহাৰ কৰি আছে উদ্যানখন। 

অসমৰ দুগৰাকীকৈ মহান ব্যক্তিৰ প্ৰতিমূৰ্তি থকা এই উদ্যানখনত কেতিয়া সুদৃষ্টি পৰিব চৰকাৰ তথা দল-সংগঠনৰ সেয়া সময়তহে লক্ষণীয় হব। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৯ ৰ গান্ধী জয়ন্তীলৈ স্বচ্ছ ভাৰত অভিযান সফল ৰূপায়ণ কৰাৰ যি সপোন দেখিছে সেয়া এনেদৰে সম্ভৱ হ'বনে? অসমৰ সাহিত্য-সংস্কৃতিত বিশেষ অৱদান আগবঢ়োৱা জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামেৰে স্থাপন কৰা এই উদ্যানখনৰ বৰ্তমানৰ যি কদৰ্য ৰূপ তালৈ চাই প্ৰতিজনেই ক'বলৈ বাধ্য যে এনে সপোনে বাস্তৱ ৰূপ পাবলৈ আৰু বহু সময়ৰ প্ৰয়োজন হ'ব।