গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানে ঢুকি নোপোৱা এখন শিশু উদ্যান। গুৱাহাটী মহানগৰীৰ আঠগাঁওস্থিত বিষ্ণু-জ্যোতি শিশু উদ্যানখন বৰ্তমান ঘন অৰণ্য সদৃশ হৈ পৰিছে।
কেডাৰৰোড উন্নয়ন সমিতিয়ে ২৫ ফেব্ৰুৱাৰী ২০০৯ চনতে নিৰ্মাণ কৰা এই উদ্যানখনৰ আধাৰশিলা উদ্বোধন কৰিছিল সেই সময়ৰ পৌৰ নিগমৰ মুখ্য প্ৰশাসক কেপ্টেইন ৰবীন বৰদলৈয়ে। সম্প্ৰতি সমিতি আৰু চৰকাৰৰ মতভেদৰ বাবে এনেদৰে লজ্জাজনকভাৱে পৰি ৰৈছে পাৰ্কখন।