লংকাঃ হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত পুৰণা কাকী পঞ্চায়তৰ অধীনৰ ২০ খনৰো অধিক গাঁৱত সংহাৰ ৰূপ ধাৰণ কৰিছে যমুনা নৈৰ বাঢ়নী পানীয়ে। বিগত কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত যমুনা নৈৰ বাঢ়নি পানীত জলমগ্ন হৈ পৰিছে ২০ খনতকৈয়ো অধিক গাঁও।
বানৰ সংহাৰী ৰূপত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। যোৱা নিশাও বানৰ কোবাল সোঁতত মহেন্দ্ৰ ডেকাৰজা নামৰ এজন লোক উটি যোৱাক লৈ অঞ্চলজুৰি এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰে। প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে নিশা পুৰণা কাকীৰ জৰাবাৰীৰ মহেন্দ্ৰ ডেকাৰজা নামৰ লোকজনক ঘৰৰ পৰা দোকানলৈ বুলি ওলাই যোৱাৰ পথতে পত্নীৰ চকুৰ সন্মুখতেই বাঢ়নি পানীয়ে মুহূৰ্ততে উটুৱাই লৈ যায়।