newsnextone.com | কাকপথাৰঃ ৰাজ্যৰ উজনি নামনি সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় ৰাজ্যৰ সকলো শ্ৰেণীৰ নাগৰিক আজি শংকিত৷ পুনৰ এটা ভয়াবহ দিনলৈ উভতি যাব নেকি অসহায় হৈ পৰা অসমীয়া জাতি৷ অসমৰ ভৱিষ্যত প্ৰজন্মৰ চিন্তাত প্ৰতিজন থলুৱা অসমীয়া আশংকাত দিনপাৰ কৰিছে৷
এনে এক জটিল সন্ধিক্ষণত উপস্থিত হোৱা অসমৰ সৰ্বসাধাৰণ জনতাৰ কোঁহে কোঁহে ক্ষোভৰ জুই জ্বলিছে৷ যেন বিতৰ্কিত এই বিধেয়ক বাতিল নকৰিলে অবৈধ নাগৰিকক নাগৰিকত্ব প্ৰদান কৰিলেই ৰক্ষা নপৰে জাতি৷ এনেবোৰ চিন্তাই এতিয়া অসমীয়াৰ মনত দোলা দিছে৷