কাকপথাৰঃ অসমৰ অন্যতম ভুমিপুত্ৰ জনগোষ্ঠী মৰাণসকলৰ বাবে এক সুকীয়া এলেকাৰ দাবীত সশস্ত্ৰ সংগঠন জন্ম হোৱা বুলি ওলোৱা বাতৰিক একে মুখে অস্বীকাৰ কৰিছে জনগোষ্ঠীটোৰ সকলো দল-সংগঠনে৷
অসমৰ এটা ইলেক্ট্ৰ’নিক চেনেলে অসমৰ পূব প্ৰান্তত অৱস্থিত জনগোষ্ঠীটোৰ বসতিস্থল তিনিচুকীয়া জিলাকে ধৰি ডিব্ৰুগড় জিলাৰ এটা অংশ মৰাণলেণ্ডৰ বাবে দাবী কৰিছে বুলি উল্লেখ কৰিছিল৷ স্বাধীনতাৰ পাছৰেপৰা অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি প্ৰতিটো দিশতে চৰকাৰে জনগোষ্ঠীটোক আওকাণ কৰি অহাৰ ফলত উগ্ৰপন্থী সংগঠনটো জন্ম দিয়া বুলি বাতৰিটোত উল্লেখ কৰিছিল৷