56
কাকপথাৰঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯৫.৩৩ শতাংশৰে তিনিচুকীয়া জিলাৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰই।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কেন্দ্ৰ হিচাপে অনুমোদন লাভ কৰি পোন প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। ইয়াৰে তিনিগৰাকীয়ে ষ্টাৰ মাৰ্কসহ মুঠ ২০ গৰাকীয়ে প্ৰথম বিভাগত, ৯৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ২৭ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।