বৰগাংঃ পৱিত্ৰ ৰমজান মাহ উপলক্ষ্যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ জিনজিয়া  আঞ্চলিক সমিতিৰ উদ্যোগত শিঙিবিল মছজিদ প্ৰাংগণত এক ইফতাৰী অনুষ্ঠান অনুষ্ঠিত হয়।

জিনজিয়া আঞ্চলিক সমিতিৰ সভাপতি মোবাৰক হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ছাদ্দাম হুছেইনে। আমছুৰ বহু নেতা কৰ্মী উপস্থিত থকা মুকলি  সভাখনত আমছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক কুদ্দুছ আলি সৰকাৰে সকলো জাতি-জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি, ভাতৃত্ববোধ ৰক্ষা কৰি হিন্দু-মুছলমানৰ মাজত থকা সাতামপুৰুষীয়া বান্ধোনৰ এনাজৰীডাল অধিক শক্তিশালী কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সহায় কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে। 

মুকলি সভা সামৰণিৰ অন্তত বিৰিজান আহমদীয়া ইছলামীয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক মৌলানা আব্দুল খালেকে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে। ইফালে উক্ত ইফতাৰী অনুষ্ঠানত বিশ্বনাথ জিলা আমছুৰ সভাপতি মাহমুদুল হাছান, কাৰ্যকৰী সভাপতি আক্কাছ আলি, উপ-সভাপতিদ্বয়   ছুলতান আহমেদ, বাহাৰুল ইছলাম, সাধাৰণ সম্পাদক ফকীৰ আলি, সহকাৰী সম্পাদক ছফিকুল  ইছলাম, সাংবাদিক আব্দুল বাৰেক, বাঘমাৰী আঞ্চলিক সমিতিৰ সভাপতি আলি আহমেদ, বাঘমাৰী আঞ্চলিক সমিতিৰ উপ-সভাপতিদ্বয় মজম আলি, ইৰফান আলি, জিনজিয়া আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আব্দুল আজিতকে ধৰি প্ৰায় তিনি শতাধিক স্থানীয় ৰাইজ অংশগ্ৰহণ কৰে।