তোলন গোহাঁই, কাকপথাৰঃ কাকপথাৰ প্ৰেছ ক্লাবৰ তত্ত্বাৱধানত অহা ৭ জুলাইৰপৰা ১৬ জুলাইলৈ সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত এখন চিত্ৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ যো-জা চলোৱাৰ সময়তে উক্ত কৰ্মশালাখনিৰ প্ৰচাৰৰ বাবে বিভিন্ন স্থানত থকা বেনাৰ সমুহ ফলাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
কাকপথাৰ ডমনাবস্তিৰ ওচৰত থকা বেনাৰখন কোনো দুষ্কৃতিকাৰীয়ে ফলাৰ বাতৰি মাৰ নৌযাওতেই আকৌ সাংস্কৃতিক সংঘৰ ওচৰৰ বেনাৰখন ফলাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দুষ্কৃতিকাৰীয়ে কৰ্মশালাখনৰ প্ৰচাৰৰ বাবে থকা বেনাৰ ফলা কাৰ্যক প্ৰেছ ক্লাৱে গৰিহণা দিয়াৰ লগতে কাকপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷