কলিংগঃ উৰিষ্যাৰ কলিংগ ষ্টেডিয়ামত বুধবাৰৰপৰা আৰম্ভ হ’ল হকী বিশ্ব কাপ ২০১৮৷ আজিৰপৰা বিভিন্ন জাক-জমকতাৰে সংগীত তথা অভিনয় জগতৰ বিখ্যাত আৰু অতি জনপ্ৰিয় শিল্পী এ আৰ ৰহমান আৰু শ্বাহৰুখ খানৰ উপস্থিতিৰ লগতে বিশ্ববাসীয়ে উপভোগ কৰিব বিশ্ব কাপ হকী৷
হকী এবিধ আউটডৰ ক্ৰীড়া। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম৷ কলিংগত অনুষ্ঠিত কৰা বিশ্ব হকী কাপ ২০১৮ ত দৰ্শকৰ ভিৰ দেখা গৈছে৷ ষ্টেডিয়ামৰ ভিতৰত ইণ্ডিয়া-ইণ্ডিয়া বুলি চিঞৰি দৰ্শকে উৎসাহিত কৰিছে হকী খেলুৱৈসকলক৷ আনহাতে, কিঙ খান ৰূপে খ্যাত শ্বাহৰুখ খানে ষ্টেডিয়ামৰ মঞ্চত ভাৰত হকী দলৰ কেপ্তেইনৰ লগত সাক্ষাৎ কৰি তেখেতৰ অভিনীত চক দে ইণ্ডিয়াৰ জনপ্ৰিয় ডায়লগটি দোহাৰে৷