কামপুৰঃ সোমবাৰে পুৱাই ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ লাচিত গড় হাইস্কুলৰ সমীপত তথা গড়চুক আৰক্ষী থানাৰ সন্মুখত এগৰাকী বিবাহিত মহিলাক অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হয়৷ মহিলাগৰাকীক অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰৰ মাথো তিনিটা ঘণ্টা পিছতে নগাঁও জিলাৰ কামপুৰত এগৰাকী ৬০ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগ উত্থাপন হয়৷ 

নিজ ঘৰত অকলে থকা অৱস্থাত মহিলাগৰাকীক এগৰাকী কবিৰাজে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয়৷ কবিৰাজ জনক গণ প্ৰহাৰ কৰাৰ ফলত গুৰুতৰ ভাবে আহত হয়৷ জানিব পৰা মতে, নগাঁও জিলাৰ কামপুৰ গুইমাৰীৰ এঘৰ লোকৰ ঘৰত একেখন জিলাৰে আঁহতগুৰিৰ জানপাৰৰ আমিৰ হামজা নাম কবিৰাজ জনে বেজালি কৰিবলৈ আহিছিল৷ 

সেই সময়ত আন কোনো লোক নাছিল পৰিয়ালটোৰ৷ ঘৰৰ ভিতৰত ৰোগৰ কবিৰাজি চিকিৎসা কৰিবলৈ আৰম্ভ কৰে কবিৰাজ আমিৰে৷ তেনে সময়তে মহিলাগৰাকীৰ ঘৰত কোনো নথকাৰ সুবিধা লৈ অসৎ কাৰ্যত লিপ্ত হয় কবিৰাজে৷ তাৰ পিছতে এই খবৰ ৰাষ্ট্ৰ হয়৷ গাঁৱৰ লোক ওলাই আহি গণ প্ৰহাৰ দিয়ে কবিৰাজক৷ ইমানে নহয় গছত বান্ধি বেয়াকৈ মাৰধৰ কৰে কবিৰাজক৷ 

ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ মুৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে কবিৰাজক৷ আঁহতগুৰি জানপাৰৰ আমিৰ হামজাই প্ৰায়ে মানুহৰ ঘৰলৈ আহি কবিৰাজি চিকিৎসা কৰে৷ কামপুৰ গুইমাৰী গাঁৱৰ ধৰ্ষণৰ অভযোগ উত্থাপন কৰা মহিগৰাকীয়ে বিষ বেমাৰৰ চিকিৎসা কৰাৰ বাবে মাতি আনিছিল আমিৰক৷

কিন্তু লম্পট কবিৰাজে বেজালি কৰাৰ নামত ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলাগৰাকীক যৌন নিৰ্যাতন চলায়৷ ইতিমধ্যে মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত কামপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷