কামপুৰঃ সোমবাৰে পুৱাই ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ লাচিত গড় হাইস্কুলৰ সমীপত তথা গড়চুক আৰক্ষী থানাৰ সন্মুখত এগৰাকী বিবাহিত মহিলাক অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হয়৷ মহিলাগৰাকীক অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰৰ মাথো তিনিটা ঘণ্টা পিছতে নগাঁও জিলাৰ কামপুৰত এগৰাকী ৬০ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগ উত্থাপন হয়৷
নিজ ঘৰত অকলে থকা অৱস্থাত মহিলাগৰাকীক এগৰাকী কবিৰাজে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয়৷ কবিৰাজ জনক গণ প্ৰহাৰ কৰাৰ ফলত গুৰুতৰ ভাবে আহত হয়৷ জানিব পৰা মতে, নগাঁও জিলাৰ কামপুৰ গুইমাৰীৰ এঘৰ লোকৰ ঘৰত একেখন জিলাৰে আঁহতগুৰিৰ জানপাৰৰ আমিৰ হামজা নাম কবিৰাজ জনে বেজালি কৰিবলৈ আহিছিল৷