কামপুৰঃ সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ সন্থাৰ এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাৰ পিছতো বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে৷ সম-কামৰ সম-অধিকাৰ দিয়াৰ আশ্বস প্ৰদান কৰিও মুখ্যমন্ত্ৰীয়ে প্ৰতাৰণা কৰিলে টিউটৰসকলক।
এই কথা সংবাদমেল যোগে জানিবলৈ দিয়ে সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ সন্থাই৷ চৰকাৰে টিউটৰসকলৰ পদ নিয়মীয়াকৰণ কৰি শিক্ষকৰ মৰ্যাদা প্ৰদান নকৰাত অহা ৯ জুলাইত ৯ হাজাৰ শিক্ষকে দিছপুৰ চলো কাৰ্যসূচী পালন কৰাৰ কথা উল্লেখ কৰে টিউটৰ সংস্থাই৷
বিগত সময়ত প্ৰাথমিক শিক্ষা সঞ্চালিকাই শিক্ষামন্ত্ৰীৰ আদেৰ্শমৰ্মে কেইবাবাৰো আলোচনাত মিলিত হৈ আশ্বাস প্ৰদান কৰিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷ যাৰ বাবে অহা ৯ জুলাইৰ পৰা ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব সন্থাটোৱে৷
আনহাতে মন্ত্ৰীসকলক ৫০ লাখ টকা ৰাজসাহায্য দিব পৰা চৰকাৰে অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষকসকলক ১০ লাখ টকা দিব নোৱাৰাৰ কাৰণ কি বুলিও মন্তব্য কৰে শিক্ষকসকলে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰি বিচৰা ধৰণে টিউটৰসকলৰ দাবীসমূহ পূৰণ নকৰিলে ৯ জুলাইৰ পৰা জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে টিউটৰ সন্থাই৷
সংবাদমেলত শ্বেখ আব্দুলা, জীৱন তালুকদাৰ, ভুৱন শৰ্মা, তৰুপ্ৰসাদ শৰ্মা, ইছাহক আলীকে ধৰি বহুকেইজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে৷