Home দেশকিদৰে লাইনচ্যুত হ’ল কাঞ্চনজংঘা এক্সপ্ৰেছ? ক’লৈ গ’ল চৰকাৰে দাবী কৰা ‘কবচ’?

কিদৰে লাইনচ্যুত হ’ল কাঞ্চনজংঘা এক্সপ্ৰেছ? ক’লৈ গ’ল চৰকাৰে দাবী কৰা ‘কবচ’?

by News Desk
A+A-
Reset
Sealdah Kanchanjunga Express

আকৌ এক হৃদয় বিদাৰক ৰেল দুৰ্ঘটনাই শোকস্তব্ধ কৰিছে সমগ্ৰ দেশবাসীক। সোমবাৰে পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ সমীপত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’লৰ মাজত সংঘটিত সংঘৰ্ষত কমেও ১০ জন যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই দুৰ্ঘটনাত আহত আন কেইবাজনো যাত্ৰীক বিভিন্ন হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

অৱশ্যে ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জয়া বাৰ্মা সিনহাই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত দুৰ্ঘটনাৰ ফলত ৯ জন লোক নিহত আৰু ২৫ জন লোক আহত হোৱা বুলি দাবী কৰে। তেওঁ প্ৰকাশ কৰা মতে, নিহত সকলৰ ৫ গৰাকী ৰে’লযাত্ৰী হোৱাৰ লগতে আন তিনিগৰাকী ৰে’লখনৰ কৰ্মচাৰী আছিল। ৰে’ল কৰ্মচাৰীৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰি মুখ্য কাৰ্যবাহী বিষয়া জয়া বাৰ্মা সিনহাই লগতে কয় যে বৰ্তমান উদ্ধাৰ অভিযানৰ সামৰণি পৰিছে আৰু আহত সকলক পশ্চিমবংগৰ বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0