74
মুম্বাইঃ কমেডীৰ কিং কপিল শৰ্মাই অৱশেষত যুগ্ম জীৱনৰ পাতনি মেলিলে৷ নিকয়াংকা, দীপবীৰৰ বিয়াৰ পাছত যোৱা ১২ ডিচেম্বৰত প্ৰেয়সী গিন্নী ছতৰথৰ লগত বিবাহপাশত আৱদ্ধ হয় এই গৰাকী কমেডীয়ান৷
জলন্ধৰত অনুষ্ঠিত হোৱা এই বিবাহত পৰিয়াল আৰু আত্মীয়-স্বজনহে সন্মিলিত হয় আৰু তেওঁলোকৰ পৰম্পৰাগত ৰীতিৰে এই বিয়া সম্পন্ন হয়৷ প্ৰায় ৪ বছৰৰ পূৰ্বে সম্পৰ্ক স্থাপনৰ পাছত এই প্ৰেম-যুগলে আনুষ্ঠানিভাৱে ৰীতি-নীতিৰে বিয়া পাতে৷