ইছলামাবাদঃ পাকিস্তানৰ বন্দৰ চহৰ কৰাচীৰ চীনা দূতাবাসত অজ্ঞাত বন্দুকধাৰীয়ে গুলীচালনা কৰাত দুজন আৰক্ষীকে ধৰি মুঠ পাঁচজন নিহত হয়। লগতে তিনি সন্ত্ৰাসবাদীও নিহত হৈছে। আহত হৈছে আন কেইবাজনো লোক।
জানিব পৰা মতে, চাৰিজন অচিনাক্ত লোকে দূতাবাসত প্ৰৱেশৰ চেষ্টা কৰাত কৰ্তব্যৰত আৰক্ষীয়ে বাধা দিয়াত বন্দুকধাৰীকেইজনে গুলী চলাবলৈ আৰম্ভ কৰে। আৰক্ষী বিষয়া জাভেদ আলামে সংবাদ সংস্থা এ এফ পিক এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে দুয়োপক্ষেৰ গুলীয়াগুলীত দুজন আৰক্ষীৰ মৃত্যু হৈছে।