60
তুলসীবাৰীঃ কাৰাটে-ড’ৰ কামৰূপ গ্ৰাম্য জিলা দলে কঢ়িয়াই আনিলে গৌৰৱ৷ গুৱাহাটী মহানগৰীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইণ্ড’ৰ ষ্টেডিয়ামত যোৱা ৯-১১ ফেব্ৰুৱাৰীত সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈ যোৱা টিজি বৰুৱা সোঁৱৰণী সপ্তম বাৰ্ষিক কাৰাটে-ড’ প্ৰতিযোগিতাত কামৰূপ গ্ৰাম্য জিলাৰ দলে কেইবাটাও পদক লাভ কৰি সফলতা অৰ্জন কৰে।
উকাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত ৰাজ্য খনৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে যদিও বিভিন্ন শাখাত কামৰূপ দলে পদক অৰ্জনৰে সুনাম কঢ়িয়াবলৈ সক্ষম হয়।