ডিফুৰপৰা ছাইদুল ইছলাম

ডিফুঃ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কাৰ্বি আংলং জিলাৰ শতকৰা উত্তীৰ্ণৰ হাৰ ৪৯.০৯ শতাংশ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৯ ত জিলাখনৰপৰা মুঠ ১৩,৬১৭ গৰাকী অৱতীৰ্ণ হৈ ৬৬৮৫ গৰাকী উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ ইয়াৰে প্ৰথম বিভাগত ৯২৭, দ্বিতীয় বিভাগত ২১৭০ আৰু তৃতীয় বিভাগত ৩৫৮৮ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ 

ইফালে, ডিফুৰ তিনি কেন্দ্ৰ ক্ৰমে, ডিএভি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰৰ অধীনত ১১ খন বিদ্যালয়, ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰৰ অধীনত ৯ খন বিদ্যালয় আৰু ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ অধীনত ১৬ খন বিদ্যালয়কে ধৰি সৰ্বমুঠ ৩৬ খন বিদ্যালয়ৰ কেন্দ্ৰভিত্তিক ফলাফল সমুহ হ'ল ক্ৰমে, ডিএভি উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ উত্তীৰ্ণৰ হাৰ ৪৪.০৪ শতাংশ, মুঠ অৱতীৰ্ণ ৫৬৩, উত্তীৰ্ণ ২৪৮, প্ৰথম বিভাগত ২৫, দ্বিতীয় বিভাগত ৯৮ আৰু তৃতীয় বিভাগত ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়৷ 

ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰী ৩১০, উত্তীৰ্ণ হয় ১২৬ গৰাকী, উত্তীৰ্ণৰ শতকৰা হাৰ ৪০'৬৪ শতাংশ, ইয়াৰে প্ৰথম বিভাগত ১১, দ্বিতীয় বিভাগত ২৯ আৰু তৃতীয় বিভাগত ৮৬ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়৷ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰৰ পৰীক্ষাত অৱতীৰ্ণ হয় ৬০৪ গৰাকী পৰীক্ষাৰ্থী, উত্তীৰ্ণ হয় ৪০৯ গৰাকী, উত্তীৰ্ণৰ শতকৰা হাৰ ৬৭.৭১ শতাংশ৷ 

ইয়াৰে প্ৰথম বিভাগত ১০৩, দ্বিতীয় বিভাগত ১৯৪ আৰু তৃতীয় বিভাগত ১১২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়৷ উল্লেখনীয় যে, ডিফুৰ তিনিওটা পৰীক্ষা কেন্দ্ৰত চৰকাৰী মাধ্যমৰ বিদ্যালয়তকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে স্বমহিমাৰে ডিষ্টিংছনসহ উজলি উঠা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷