বোকাজানঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা ২১ দিনীয়া লকডাউনৰ সময়ত ৰাজ্যৰ জনজীৱন স্তব্ধ হৈ পৰিছে। এই সময়ছোৱাত চৌদিশে দেখা গৈছে নিমাওমাও পৰিৱেশ। পাহাৰীয়া জিলা কাৰ্বি আংলংতো বিৰাজ কৰিছে একেই পৰিৱেশ।
তাৰমাজতে দিন হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দিয়া কাৰ্বি আংলংৰ দৰিদ্ৰ জনসাধাৰণে যাতে খাদ্যৰ অভাৱত পৰিবলগীয়া নহয় সেইকথা চিন্তা কৰিয়েই কাৰ্বি আংলং আৰক্ষীয়ে তেনে লোকৰ মাজত চাউল-দাইল আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিছে।
প্ৰাপ্ত তথ্য অনুসৰি বৃহস্পতিবাৰে কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ ডিলাইত প্ৰায় ৫০০ লোকৰ মাজত আৰু মাঞ্জা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত তথা মাঞ্জা কেএছএৰ সহযোগত মাঞ্জা এলেকাধীন হিদিম টেৰণ গাঁৱৰ অতি দুখীয়া লোকৰ মাজত চাউল, দাইল, নিমখ, আলু, চাবোন আদি বিতৰণ কৰে।
সাহায্য বিতৰণৰ সময়ত এক-ডেৰমিটাৰকৈ সামাজিক দূৰত্ব বজাই ৰখা পৰিলক্ষিত হয়। ডিলাই তথা মাঞ্জা আৰক্ষীৰ এনে মহানুৱভতাৰ শলাগ লৈছে স্থানীয় ৰাইজে।