Home ৰাজ্যআলহী শিক্ষকেৰে গুনোৎসৱ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি কাৰ্বি পাহাৰত

আলহী শিক্ষকেৰে গুনোৎসৱ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি কাৰ্বি পাহাৰত

by webmaster
A+A-
Reset
karbi school

খেৰণিঃ পোন্ধৰ বছৰীয়া বিকাশ, পোন্ধৰ বছৰীয়া বিশ্বাস বুলি শ্লোগান দিয়া তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কালতো অথবা এতিয়াৰ সব কা সাথ , সব কা বিকাশ বুলি শ্লোগান দি থকা পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ দিনতো আনকি গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই প্ৰাথমিক শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত কাৰ্বি পাহাৰত। আনকি জিলাখনত থকা ছাত্ৰ সংগঠন, জাতীয় সংগঠন সমূহেও প্ৰাথমিক শিক্ষা উন্নয়নৰ ক্ষেত্ৰত মাত মাতিবলৈ আহৰি পোৱা নাই। সঁচাকৈ প্ৰাথমিক শিক্ষা ব্যৱস্থাত তাৰেই এক পয়ালগা আৰু পুতৌজনক অৱস্থা প্ৰতীয়মান হৈছে চচেং শিক্ষা খণ্ডৰ অন্তৰ্গত অৱস্থিত বিদ্যালয়সমূহত। আনকি চচেং শিক্ষা খণ্ডৰ অধীনৰ বহুকেইখন বিদ্যালয়ত বহুদিন ধৰি পাঠদান নকৰাকৈয়ে এতিয়া অনুষ্ঠিত কৰিবলৈ লৈছে সমাগত গুণোৎসৱ। বিদ্যালয়ত নাই স্থায়ী শিক্ষক, নাই মধ্যাহ্ন ভোজন, নাই আনকি ইউনিফৰ্ম।

 
উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত তথা কাৰ্বি পৰিষদৰ ৯ নং আমৰেঙ সমষ্টিৰ এলেকাধিন পাহাৰীয়া অঞ্চলবোৰত তথা জিলা শিক্ষা বিভাগৰ চচেং শিক্ষা খণ্ডৰ অন্তৰ্গত সমগ্ৰ পাহাৰীয়া অঞ্চলতোত বছৰৰ পিছত বছৰ ধৰি প্ৰাথমিক শিক্ষা ব্যৱস্থাত চৰম দুৰাৱস্থা হোৱা পৰিলক্ষিত হৈছে। ফলত খৰ্ব হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰাথমিক শিক্ষাৰ অধিকাৰ। খবৰ লবলৈ আহৰি নাই কোনো দল-সংগঠন অথবা কাৰ্বি পৰিষদৰ চৰকাৰখনৰ। ইয়াৰ চাক্ষুক উদাহৰণ হৈছে ৱ’-টেৰাং লাংছ নামৰ গাওঁখনত অৱস্থিত প্ৰাথমিক বিদ্যালয়খন। বিগত ২০১৪ চনৰ পৰা এই বিদ্যালয়খনত চলিছে ব্যাপক অনিয়ম। এইখন বিদ্যালয়ত বহুকেইজন শিক্ষকে যোগদান কৰিছে আৰু গৈছে। কিন্তু শিক্ষা দান অথবা পাঠদানৰ ক্ষেত্ৰত সম্পূৰ্ণ শূন্য বিদ্যালয়খনত। এই সম্পৰ্কে স্থানীয় ৰাইজে বহুবাৰ শিক্ষা খণ্ডত আপত্তি দৰ্শাই আহিছে যদিও তাৰ পিছতো কিন্তু ৰাইজে সক্ষম নহল কোনো সুফল লাভ কৰিবলৈ। অৱশেষত ৰাইজে উপায়ন্তৰ হৈ গাঁৱৰে ব্ৰাইট হাঞ্চে নামৰ যুৱক এজনক যোৱা ২ বছৰ ধৰি পাঠদান কৰিবলৈ দিয়ে। আনহাতে অতি পৰিতাপৰ বিষয় যে শেহতীয়াভাৱে আলহী শিক্ষকৰ দ্বাৰা তথা ক্ষন্তেকৰ বাবে চাৰচিম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ জৰিয়তে অহা ৩১ অক্টোবৰ আৰু ১,২,৩ নৱেম্বৰলৈকে অনুষ্ঠিত হবলগীয়া গুণোৎসৱৰ বৈতৰণী পাৰ কৰিবলৈও সাজু হৈছে এতিয়া শিক্ষা বিভাগটোৱে। 
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত বিভিন্ন গাঁৱত উপস্থিত হৈ নিৰ্বাচনত জয়ী হলে প্ৰথমে সু -শিক্ষা ব্যৱস্থা, যাতায়তৰ সু-ব্যৱস্থাৰ লগতে চিকিৎসা সু-ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়া স্থানীয় জনপ্ৰতিনিধি অথবা বিধায়কেও এতিয়া শিক্ষাৰ দুৰাৱস্থা সন্দৰ্ভত সম্প্ৰতি নীৰৱ দৰ্শকৰ ভূমিকাহে পালন কৰা দেখা গৈছে। মুঠৰ ওপৰত চচেং শিক্ষা খণ্ডৰ অন্তৰ্গত অৱস্থিত প্ৰাথমিক বিদ্যালয় সমূহত পৰ্যাপ্ত সংখ্যক শিক্ষক নিযুক্তি দিব নোৱাৰা কাৰ্যই  কাৰ্বি আংলং শিক্ষা বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধি চৰম ব্যৰ্থ যে হৈছে সেয়া পৰিস্ফুট হৈ পৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

Latest Articles

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0