কাৰ্বি আংলং: বোকাজান মহকুমাৰ হাংজাংলাংছ’স্থিত হাংজাংলাংছ’ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত ১৯ সংখ্যক কাৰ্বি আংলং জিলা চাব এছোচিয়েশ্যন মহিলা ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন কালি অনুষ্ঠিত হৈ যায় ৷
তুমপ্ৰেং ক্ৰীড়া সন্থা আৰু লাংহিন ক্ৰীড়া সন্থাৰ দলৰ মাজত অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ চূড়ান্ত খেলখনত নিৰ্ধাৰিত সময়ৰ লগতে অতিৰিক্ত সময়তো কোনো এটা দলে গ’ল কৰিবলৈ সক্ষম নোহোৱাত ট্ৰাইবেকাৰৰ জড়িয়তে তুমপ্ৰেং ক্ৰীড়া সন্থাৰ দলে লাংহিন ক্ৰীড়া সন্থাৰ দলক ৩-০ গ’লত পৰাজিত কৰে ৷