কাৰ্বি আংলংঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰী বোকাজানত সদৌ অসম ছাত্ৰ সন্থাৰ নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত৷ বোকাজান বিলাতী মাটি কাৰখানাৰ খেলপথাৰত সদৌ কাৰ্বি আংলং ছাত্ৰ সন্থাৰ উদ্যোগত তথা বোকাজান আঞ্চলিক ছাত্ৰ সন্থা আৰু বোকাজানবাসী ৰাইজৰ সহযোগত দেওবাৰৰপৰা দুদিনীয়া কাৰ্যসূচীৰে নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আছুৰ স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগীতা আৰম্ভ হয়৷ 

প্ৰতিযোগীতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আছুৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংকৰ কুমাৰ নাথ, সাধাৰণ সম্পাদক লোৰিণ জ্যোতি গগৈ লগতে আছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল৷ 

উল্লেখ্য যে, আজিৰ উদ্ধোধনী অনুষ্ঠানত এশৰো অধিক শিল্পীয়ে সমবেত সংগীত প্ৰদৰ্শনৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

সৰ্বমুঠ ২৫ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত সমূহ বোকাজানবাসী ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগ কামনা কৰিছে উদ্যোগতা সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই৷