53
ডিজিটেল ডেস্কঃ কোনোকাৰণতে জামিন নাপায় চি এছ কাৰ্ণনে। সৰ্বোচ্চ ন্যায়ালয়ৰ সৈতে সমুখ সমৰত লিপ্ত হোৱা কলকাতা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰকজনে নিস্তাৰ নাপায় কাৰাগাৰ যাত্ৰাৰ পৰা।
অজ্ঞাতবাসৰ শেষত কলকাতা আৰক্ষীয়ে তামিলনাডুৰ কইম্বাটোৰৰ পৰা গ্ৰেপ্তাৰ কৰা কাৰ্ণনে নাপালে জামিনো। প্ৰণিধানযোগ্য যে ইতিপূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতিক দুৰ্নীতিগ্ৰস্ত বুলি তেওঁ অভিযোগ তুলিছিল। লগতে জাতপাতৰ ভিত্তিত বিচাৰকক বদলি কৰাৰো অভিযোগ কৰিছিল কাৰ্ণানে।