মুম্বাইঃ কোচিন-মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথত ভ্ৰমণৰত কৰ্ণাটকৰ ডাক্তৰ এজন হতভম্ব হৈ পৰিল যেতিয়া তেওঁৰ এটিএম কাৰ্ডেৰে টোলগেটত শুল্ক কাটিলে ৪ লাখ। এই ঘটনা সোমবাৰে ৰাতিৰ যেতিয়া উক্ত ঘাইপথত থকা গুণ্ডমি টোল গেটত শুল্ক দিবৰ বাবে নিজৰ ডেবিট কাৰ্ডখন আগবঢাই দিয়ে ডাক্তৰ ৰাওৱে। কাৰ্ডখন ঘুৰাই লোৱাৰ পিছতে লেনদেনৰ মেচেজ আহে ডা. ৰাওৰ ম’বাইলত। দেখে যে ৪০ টকা কাটিবলৈ গৈ টোলৰ কৰ্মচাৰীয়ে কাটিছে ৪ লাখ টকা। 

পিছত টোলৰ কৰ্মচাৰীয়ে নিজৰ ভূল বুজি চেক এখনেৰে ক্ষতিপুৰণ দিয়ে যদিও মানি ল’বলৈ অমান্তি হয় ডা. ৰাও। পিছত নগদ ধন দিয়াতহে মান্তি হয় ডা. ৰাও।