Home ক্ৰীড়াবাংলাদেশী ক্লাবৰ বাবে সাজু ‘কাছা’ খেলপথাৰ

বাংলাদেশী ক্লাবৰ বাবে সাজু ‘কাছা’ খেলপথাৰ

by News Desk
A+A-
Reset
3932f66c-6b7c-4257-903f-e607a66a2116 (1)

ডিফুঃ কাৰ্বি আংলং স্পটছ এছ’চিয়েছন, চমুকৈ ‘কাছা’ খেলপথাৰত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব ডিফু মৰ্ণিং ষ্টাৰ ফুটবল ক্লাব আৰু বাংলাদেশ আছাদুজ্জামান ফুটবল ক্লাবৰ মাজত এখনি প্ৰীতি আৰু অনুশীলনমূলক ফুটবল খেল৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই খেলৰ বিষয়ে ডংকামোকামত পূৰ্বেই ঘোষণা কৰিছিল৷ সেইমৰ্মে তুলিৰাম ৰংহাঙে ই এম, এম এ চি, সচিব আৰু ‘কাছা’ৰ সাধাৰণ সম্পাদক আৰু সদস্যসকলক লৈ ‘কাছা’ খেলপথাৰ দৈনিক পৰ্যবেক্ষণৰ লগতে ৮ নৱেম্বৰৰ খেলৰ বাবে যুদ্ধগতিত প্ৰস্তুতি চলাইছে৷ আজি এই সন্দৰ্ভত সংশ্লিষ্টসকলৰ আজি এক সভা অনুষ্ঠিত হয়৷ ডিফু মৰ্ণিং ষ্টাৰ ফুটবল ক্লাব আৰু বাংলাদেশ আছাদুজ্জামান ফুটবল ক্লাবৰ মাজত ৮ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফুটবল খেলখন সন্ধিয়া ৫ বজাৰপৰা ফ্লাড লাইটৰ মাজত খেলোৱা, ৩১ অক্টোবৰত গ্ৰাউণ্ড টেষ্ট কৰা আৰু ২০১৯ চনৰ ফেব্ৰুৱাৰীত চি ই এম গ’ল্ড কাপ ডিফু কাছা ষ্টেডিয়াম আৰু ডংকামোকামৰ ৱাইচং খেলপথাৰৰ ষ্টেডিয়ামত খেলোৱাৰ সিদ্ধান্ত লোৱা হয়৷ আনহাতে কাছাৰ এক শীৰ্ষ সূত্ৰৰপৰা জানিব পৰা মতে, ‘কাছা’  ষ্টেডিয়ামত প্ৰায় ১০,০০০ দৰ্শকে খেল চাব পৰাৰ সুবিধা আছে৷ টিকটৰ হাৰ অপেন গেলেৰীত সাধাৰণ দৰ্শনাৰ্থীৰ বাবে ১০০ টকা, ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ টকা আৰু আসনত দুজনৰ বাবে ১,০০০ টকাকৈ ধাৰ্য কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0