Home ক্ৰীড়াবাংলাদেশী ক্লাবৰ বাবে সাজু ‘কাছা’ খেলপথাৰ

বাংলাদেশী ক্লাবৰ বাবে সাজু ‘কাছা’ খেলপথাৰ

by News Desk
A+A-
Reset
3932f66c-6b7c-4257-903f-e607a66a2116 (1)

ডিফুঃ কাৰ্বি আংলং স্পটছ এছ’চিয়েছন, চমুকৈ ‘কাছা’ খেলপথাৰত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব ডিফু মৰ্ণিং ষ্টাৰ ফুটবল ক্লাব আৰু বাংলাদেশ আছাদুজ্জামান ফুটবল ক্লাবৰ মাজত এখনি প্ৰীতি আৰু অনুশীলনমূলক ফুটবল খেল৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই খেলৰ বিষয়ে ডংকামোকামত পূৰ্বেই ঘোষণা কৰিছিল৷ সেইমৰ্মে তুলিৰাম ৰংহাঙে ই এম, এম এ চি, সচিব আৰু ‘কাছা’ৰ সাধাৰণ সম্পাদক আৰু সদস্যসকলক লৈ ‘কাছা’ খেলপথাৰ দৈনিক পৰ্যবেক্ষণৰ লগতে ৮ নৱেম্বৰৰ খেলৰ বাবে যুদ্ধগতিত প্ৰস্তুতি চলাইছে৷ আজি এই সন্দৰ্ভত সংশ্লিষ্টসকলৰ আজি এক সভা অনুষ্ঠিত হয়৷ ডিফু মৰ্ণিং ষ্টাৰ ফুটবল ক্লাব আৰু বাংলাদেশ আছাদুজ্জামান ফুটবল ক্লাবৰ মাজত ৮ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফুটবল খেলখন সন্ধিয়া ৫ বজাৰপৰা ফ্লাড লাইটৰ মাজত খেলোৱা, ৩১ অক্টোবৰত গ্ৰাউণ্ড টেষ্ট কৰা আৰু ২০১৯ চনৰ ফেব্ৰুৱাৰীত চি ই এম গ’ল্ড কাপ ডিফু কাছা ষ্টেডিয়াম আৰু ডংকামোকামৰ ৱাইচং খেলপথাৰৰ ষ্টেডিয়ামত খেলোৱাৰ সিদ্ধান্ত লোৱা হয়৷ আনহাতে কাছাৰ এক শীৰ্ষ সূত্ৰৰপৰা জানিব পৰা মতে, ‘কাছা’  ষ্টেডিয়ামত প্ৰায় ১০,০০০ দৰ্শকে খেল চাব পৰাৰ সুবিধা আছে৷ টিকটৰ হাৰ অপেন গেলেৰীত সাধাৰণ দৰ্শনাৰ্থীৰ বাবে ১০০ টকা, ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ টকা আৰু আসনত দুজনৰ বাবে ১,০০০ টকাকৈ ধাৰ্য কৰা হৈছে৷

News Desk
Author: News Desk

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0