55
ছাহিদ আলি আহমেদ, কয়াকুছিঃ ৰাজ্যখনত চলা ‘ফনি’ৰ আতংকৰ মাজতেই মাত্ৰ তিনি-চাৰি দিনৰ নেৰা-নেপেৰা বৰষুণৰ কৃত্ৰিম বানত ডুব গ’ল গোলিবান্ধা অঞ্চলৰ কেইবা শ বিঘা ইৰি ধানৰ খেতি পথাৰ।
অঞ্চলটোৰ উত্তৰ পাকা আৰু দক্ষিণ পাকা গাঁও পঞ্চায়তৰ ফিঙুৱাপাথাৰ¸ জাৰাবাৰী¸ গোলিবান্ধা¸ নিজ বৰলা¸ ফিঙুৱা¸ মৰিয়ম চোৱা¸ ছাগলছাৰী¸ আমদহকে আদি কৰি কেইবাখনো গাঁৱৰ কেইবা শ বিঘা মাটিৰ ইৰি ধাননি পথাৰ কৃত্ৰিম বানৰ পানীৰ তলত।