কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ বাবে চলি থকা অতি আকৰ্ষণীয় এলিফেণ্ট ছাফাৰী পহিলা মে’ৰপৰা বন্ধ কৰা হ’ব বুলি উদ্যান কৰ্ত্তৃপক্ষই এক জাননীৰদ্বাৰা জানিবলৈ দিয়ে।
ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই জানিবলৈ দিয়া মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত বন বিভাগৰ পোহনীয়া হাতী আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰদ্বাৰা চলি থকা এলিফেণ্ট ছাফাৰী পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত ১ মে’ৰপৰা বন্ধ কৰা হ’ব।