কাজিৰঙাঃ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই কাজিৰঙাত৷ শুকুৰবাৰে বোকাখাত বিধান সভা সমষ্টিৰ অধীনত কহঁৰা চাৰিআলিত অনুষ্ঠিত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত মণি মাধৱ মহন্তই কংগ্ৰেছী পিতা-পুত্ৰ তৰুণ গগৈ আৰু গৌৰৱ গগৈক তুলাধুনা দিয়ে।
প্ৰতিদ্বন্দী গৌৰৱ গগৈক অদৃশ্য সাংসদ বুলি আখ্যা দি মণি মাধৱে কয় যে কাজিৰঙাৰ বন্যপ্ৰাণীৰ লগতে দাঁতি-কাষৰীয়া জনসাধাৰণৰ উন্নয়ন তথা সেৱালৈ পিঠি দি গৌৰৱ গগৈ ব্যস্ত থাকে দিল্লীৰ গান্ধী পৰিয়ালৰ সেৱাত৷ তৰুণ গগৈৰ গাত ভেজাল তেজ আছে, এতিয়া তেখেতৰ ৰাজনীতি নহয় ধৰ্ম কৰাৰহে বয়স হ’ল বুলি মন্তব্য কৰি গৌৰৱ গগৈৰ বিদেশী পত্নীৰ সন্দৰ্ভতো কটাক্ষ কৰে মণি মাধৱে৷