কাজিৰঙাঃ প্ৰাক্তন কৃষিমন্ত্ৰী অতুল বৰাৰ বোকাখাত সমষ্টিৰ নিকৰি নামৰ এটা বৃহৎ অঞ্চল৷ চৰকাৰ গ’ল, চৰকাৰ আহিল। কিন্তু আজিলৈকে উন্নয়নৰ পোহৰ নপৰিল নিকৰি অঞ্চলত৷ বানে গৰকা নিকৰিবাসী ৰাইজে এতিয়া ভূগিছে যমৰ যাতনা। বাৰিষাত যদি বানপানীৰ সমস্যা তেন্তে খৰালিত আকৌ যাতায়তৰ সমস্যা। দুৰ্য্যোগে যেন কেতিয়াও লগেই নেৰিব নিকৰি অঞ্চলৰ ২০ খন গাঁৱৰ ৰাইজক৷
বানে প্ৰতিবাৰেই নিকৰিৰ বাটপথ, দলং আদি বিধ্বস্ত কৰে৷ বান যোৱাৰ পাছত ৰাইজে নিজেই বাটপথ আৰু দলং নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থা কৰিবলগীয়া হয়। উল্লেখ্য যে, নিকৰিৰ পূব দিশত এই মূলপথটো বিগত ভয়াৱহ বানে চিঙি নিছিল৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে এই চিগা অংশত এখন বাঁহৰ দলং নিৰ্মাণ কৰি লৈছিল৷