কাজিৰঙা, পলিমা চেতিয়া বসুমতাৰীঃ এক ব্যতিক্ৰমী পদক্ষেপ এজন কিশোৰৰ৷ এটকা এটকাকৈ সাঁচি ৰখা টকাৰে শিক্ষাৰ অৰ্থে প্ৰয়োজনীয় সামগ্ৰীৰে সাহাৰ্য্য প্ৰদান কৰিলে প্ৰলয়ংকৰী বানত সৰ্বস্ব হেৰুওৱা বহু ছাত্ৰ-ছাত্ৰীক৷

বিগত ভয়াৱহ বানত কাজিৰঙাৰ দাঁতিকাষৰীয়া বহু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা লাভৰ বাবে প্ৰয়োজনীয় কিতাপ-বহী উটি গ’ল। সেই ছাত্ৰ-ছাত্ৰীসকলক অকনমান সহায় কৰিবৰ বাবে আগবাঢ়ি আহিল তিতাবৰ প্ৰাগজ্যোতিকা বিদ্যালয়ৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ৷ 

নাম ৰবি ৰজক৷ কাজিৰঙা নিবাসী তথা নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ কাজিৰঙাৰ সাংবাদিক ৰঞ্জিৎ ৰজকৰ পুত্ৰ ৰবি ৰজকে বছৰটোৰ প্ৰথমটো প্ৰলংকাৰী বানত সৰ্বস্ব হেৰুওৱা কণ-কণ ছাত্ৰ-ছাত্ৰী সকলৰ দুখ-দুৰ্দশাৰ বিষয়ে উপলব্ধি কৰি নিজৰ সাঁচতীয়া ধনেৰে বহী, কলম, পেঞ্চিল, ৰবৰ, কাটাৰ আদিকে ধৰি শিক্ষাৰ বাবে প্ৰয়োজনীয় নানা সামগ্ৰী শ’লমৰা, ২ নং কঁহৰাৰ প্ৰায় ৫০ জনৰো অধিক বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰদান কৰে। 

সাম্প্ৰতিক সময়ত সততে উত্থাপিত হোৱা যুৱ সমাজৰ নৈতিক অধ:পতনৰ লগতে মানৱীয় প্ৰমূল্যবোধ নথকাৰ অভিযোগৰ বিপৰীতে মানৱদৰদী ৰবি ৰজকৰ এনে ইতিবাচক পদক্ষেপক প্ৰশংসা কৰিছে স্থানীয় ৰাইজে৷