গুৱাহাটীঃ পুৱাই কাজিৰঙাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জীপ চাফাৰী কৰি পৰিদৰ্শন কৰিলে ৰাষ্ট্ৰীয় উদ্যোনখনৰ আন্তঃগাঁঠনি। বাৰিষাৰ বানপানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তু সকলে আশ্রয় গ্ৰহণ কৰিবলৈ নিৰ্মান কৰা হাইলেণ্ডসমূহ পৰিদর্শন কৰে মুখ্যমন্ত্ৰী গৰাকীৰ। লগতে বানপানীৰ সময়ত বন্য জীৱ-জন্তুৰসমূহক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই কি ব্যৱস্থা গঠন কৰিছে সেই সম্পৰ্কেও বুজ লয়৷
খাদ্য সামগ্ৰী মজুত কৰি ৰাখিবলৈ নির্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। বানপানীৰ সময়ত বন্য প্ৰাণী সমূহক যাতে উপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰি তাৰ বাবে বিষয়া সকলক সাজু হৈ থাকিবলৈ নির্দেশ প্ৰদান কৰে।
ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী ৰেঞ্জৰ চহলা বিলক পৰিভ্ৰমী পক্ষীৰ বাবে যাতে উপযুক্ত বাসস্থান গঢ়ি তুলিব পাৰি তাৰ বাবে চহলা বিলক উন্নীতকৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ বন্য প্ৰাণী সমূহৰ বাবে প্ৰস্তুত কৰা হাইলেণ্ড সমূহত যাতে বাৰিষাৰ সময়ত যোগাযোগ ৰাখিব পাৰি তাৰ বাবে তাৎক্ষণিকভাৱে হাইলেণ্ড সংযোগী পথ নিৰ্মাণৰ নির্দেশ প্ৰদান কৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে এই যাত্ৰাত সহযাত্ৰীৰ হিচাপে থাকে মন্ত্ৰী অতুল বৰা লগতে ভালে সংখ্যক বন বিষয়া আৰু কর্মী।
বিগত বর্ষ সমূহত কাজিৰঙাত বানপানীৰ সময়ত বহুতো জীৱ-জন্তুৰ আশ্ৰয়ৰ অভাৱত মৃত্যু হৈছিল আৰু বহুত বানপানীত উটি গৈছিল। ইয়াৰ উপৰিও উক্ত সময়ছোৱাত প্ৰতি বছৰে খাদ্য সংকটৰ ফলত উদ্যানখনত মৃত্যু হয় বহুতো বন্য প্ৰাণী তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাৰিষাৰ আগমুহূৰ্ততে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে গৈ পৰিদর্শন কৰে ৰাষ্ট্ৰীয় উদ্যানখন।
আনহাতে, ৰাষ্টীয় উদ্যানখন পৰিদর্শনৰ পাছত স্থানীয় ৰাইজ আৰু বিষয়া সকলৰ সৈতে কাজিৰঙাক পৰ্যটনৰ নতুন সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা কৰে। ইয়াৰ উপৰিও বিষয়া সকলক নিৰ্দেশ দিয়ে পৰ্যটক সকলৰ সুবিধা হোৱাকৈ ৰেঞ্জ প্ৰফাইল প্ৰস্তুত কৰিবলৈ। ইফালে স্থানীয় ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কাজিৰঙাৰ সংৰক্ষণৰ বাবে বন কর্মী সকলক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে৷