কাজিৰঙা, পলিমা চেতিয়া বসুমতাৰীঃ যি সময়ত ৰাজ্যৰ বানাক্ৰান্তই এমুঠি অন্ন আৰু বস্ত্ৰৰ বাবে হাহাকাৰ কৰিছে সেই সময়ত “মানুহে মানুহৰ বাবে” ভূপেনদাই গাই যোৱা সেই চিৰসেউজ গীতক আখৰে-আখৰে প্ৰমাণ কৰিবলৈকে সাম্প্ৰতিক সময়ত একাংশ মানৱ দৰদী লোক আগবাঢ়ি আহিছে বানাক্ৰান্ত সকলক সহায়ৰ হাত আগবঢ়াবলৈ৷
“প্ৰিয়বন্ধু” নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে বোকাখাতৰ ডিফলু পথাৰত বান সাহাৰ্য্যলৈ উপস্থিত হয়৷ স্বেচ্ছাসেৱী সংগঠন “প্ৰিয়বন্ধু”ৰ প্ৰতিষ্ঠাপক তথা সভানেত্ৰী অৰ্চনা বৰঠাকুৰৰ উদ্যোগত অহা সাহাৰ্য্যকাৰী দলটোত সতে অহা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ক্ৰমে ভৃগু কাশ্যপ, মণ্টুমণি শইকীয়া আৰু ৰাকেশ ৰিয়ানেও বানে বিধ্বস্ত কৰা বোকাখাতৰ ডিফলু পথাৰত বান সাহাৰ্য্য বিতৰণ কৰে৷