newsnextone কাজিৰঙা, ৬ অক্টোবৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৎপৰতাত কাজিৰঙাৰ বাগৰি আৰক্ষীয়ে অবৈধভাবে কঢিয়াই অনা কেইবালাখ টকাৰ দুখন চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে পাচঁজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত চোৰাং চুপাৰি ব্যৱসায়ৰ তথ্য পোহৰলৈ আহিছে ।
জানিব পৰা মতে বৃহস্পতিবাৰে গোপন সূত্ৰৰ পম খেদি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ কৰ্মকৰ্তাই বিদেশৰ পৰা ২৩ খন ট্ৰাকত অবৈধভাবে চুপাৰিৰ লগত অবৈধ মাৰণাস্ত্ৰ, সোণ আৰু ড্ৰাগছ চোৰাংকৈ অনাৰ তথ্য লাভ কৰি কাজিৰঙাৰ বাগৰি আৰক্ষীক অবগত কৰাৰ লগতে লিখিত এজাহাৰ দাখিল কৰে । ইযাৰে ২১ খন চোৰাং চুপাৰি , সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক পলাই সাৰিবলৈ সক্ষম হয় যদিও বাগৰি আৰক্ষীয়ে দুখন চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে অবৈধভাবে চুপাৰি কঢ়িয়াই অনা ট্ৰাক দুখনৰ পৰা পাচঁজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।