বিশেষ প্ৰতিবেদনঃ কবিয়ে কৈ গৈছে, ‘অকল নিজৰ নিমিত্তে নহয়/ আমাৰ জীৱন ভাই/ পৰৰ কাৰণে খাটিব পাৰিলে/ সংসাৰ সুখৰ ঠাই’। এই কথাষাৰ যেন মৰ্মে মৰ্মে উপলব্ধি কৰিছিল ২৭ বছৰীয়া কেৰালাৰ এইজন যুৱকে। সেয়ে জীৱন কালত হাজাৰজনৰ প্ৰাণ ৰক্ষা কৰা যুৱকজনে এতিয়া নিজৰ মৃত্যুৰ পিছতো ৮ জনকৈ লোকক জীয়াই তুলিবলৈ সমৰ্থ হৈছে।জীৱনক প্ৰকৃতাৰ্থত জীৱন ৰূপ প্ৰদান কৰা এই যুৱকজনৰ নাম এছ অনুজিত। কৰ’নাৰ প্ৰভাৱত সমগ্ৰ বিশ্বতে লক্ষ লক্ষ লোকে চাকৰি হেৰুওৱাৰ দৰেকৈ অনুজিতেও হেৰুৱাবলগীয়া হৈছিল চাকৰি। সেয়ে আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত পুনৰ নতুন কামৰ সন্ধান কৰিছিল তেওঁ।
যোৱা ১৪ জুলাইত নতুনকৈ সন্ধান লাভ কৰা কামৰ পৰা ঘৰলৈ উভতি আহোতে কোট্টাৰাক্কাৰ নামৰ এক ঠাইত পথ দুৰ্ঘটনাত পতিত হয় অনুজিত। লগে লগে তেওঁক তিৰুৱনন্তপুৰমৰ কেৰালা ইনষ্টিটিউট অব মেডিকেল ছায়েন্স চমুকৈ কিমছত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ব্ৰেইন ডেথ ঘোষণা কৰে। ইয়াৰ পিছতে তেওঁৰ পত্নী প্ৰিন্সি আৰু ভগ্নী অজল্যাই চিকিৎসকসকলক অনুজিতৰ শেষ ইচ্ছাৰ কথা অৱগত কৰায়। তেওঁলোকে চিকিৎসকৰ আগত কয় যে মৃত্যু নিশ্চিত বুলি জানি চিকিৎসালয়ৰ বিছনাতে অনুজিতে অংগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।