ডিজিটেল ডেস্কঃ ইনষ্টাগ্ৰামত মা কালীৰ ফটো দি ভাৰতীয়ৰ ৰোষত পৰিছে আমেৰিকাৰ পপ তাৰকা কেটী পেৰী৷ একাউন্টত কালীৰ ফটোৰ সৈতে ছবিখনত কেপচন দিছিল ‘কাৰেন্ট মুড’৷

ছ’ছিয়েল মিডিয়াত ছবিখন ভাইৰেল হোৱাৰ পিছতে শিল্পীগৰাকী সন্মুখীন হৈছে সমালোচনাৰ৷ ভাৰতীয় দেৱীক অপমান নকৰিবলৈ কেটী পেৰীক কালিসাধকসকলে সকিয়াইছে ইনষ্টাগ্ৰামত৷

তদুপৰি ফটোখন ডিলিট কৰাৰো দাবী উত্থাপন কৰিছে কালীৰ ভক্তসকলে৷ আনহাতে কিছু সংখ্যকে নিজৰ মনৰ অৱস্থা প্ৰকাশ কৰিবলৈ ধৰ্মীয় দেৱ-দেবীৰ ছবি ব্যৱহাৰ কৰা কাৰ্য সঠিক নহয় বুলি উল্লেখ কৰিছে৷

উল্লেখযোগ্য কেটী পেৰীৰ উক্ত পোষ্টটোৱে প্ৰায় আঢ়ৈ লাখ লাইক পাইছে৷ আনহাতে আন কিছু সংখ্যকে সমৰ্থন কৰিছে উক্ত কাৰ্য৷

হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ শিল্পীগৰাকীয়ে ২০১০ ত ৰাজস্থানত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হৈছিল৷ উল্লেখযোগ্য হিন্দু ধৰ্মত কালীক অশুভ শক্তিৰ বিনাশক ৰূপে মানি আহিছে৷