গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ CBIৰ এটি দলে অভিযান চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে চৰকাৰে প্ৰতিবছৰে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৱন্টন দিয়া ধনৰ হিচাপ নিদিয়াৰ লগতে এগৰাকী ঠিকাদাৰৰ পৰা উৎকোচ বিছাৰিছিল বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ ধাৱানে ৷
ঠিকাদাৰগৰাকীয়ে উৎকোচ বিচৰাৰ অভিযোগ দিছিল CBIক৷ জানিব পৰা মতে, বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰতিবছৰে ৪০ লাখ টকা আৱন্টন দিয়ে চৰকাৰে৷ ২০১৬-১৭ বৰ্ষতো এই ধনৰ আৱন্টন দিছিল চৰকাৰে৷ কিন্তু বিগত বৰ্ষত আৱন্টন দিয়া টকাৰ কোনো হিচাপ দিয়া নাছিল অধ্যক্ষ ৰাজেশ ধাৱানে৷