গুৱাহাটীঃ সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য প্ৰকাশ কৰিব৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷
সোমবাৰে পুৱাই অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত যুটীয়া সংসদীয় সমিতিৰ দল গুৱাহাটীত উপস্থিত হৈ পোনে পোনে খানাপাৰালৈ আহে৷ অসমৰ ৪ সাংসদ সহ যুটীয়া সংসদীয় সমিতিৰ ১৬জনীয়া দলটোৱে পৰ্যায়ক্ৰমে অসমৰ প্ৰতিটো দল-সংগঠনৰ সাক্ষ্য গ্ৰহণ কৰিব৷ ইতিমধ্যে অসম গণ পৰিষদ, আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি দল-সংগঠনে খানাপাৰত উপস্থিত হৈছে৷