খাৰুপেটীয়াঃ আপোনাৰ কষ্টোপাৰ্জিত টকাবোৰ বেংকত জমা ৰাখি নিশ্চিত ভাৱে বহি আছে নেকি? বেংকত টকা ৰখাটো নিৰাপদ বুলি ভাৱিয়েই কষ্টোপাৰ্জিত টকাখিনি মহিলা এগৰাকীয়ে বেংকত জমা ৰাখে যদিও বেংকত টকা জমা ৰাখি নিজৰ একাউন্টৰপৰা লক্ষাধিক টকা হৰলুকি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে যোৱা জানুৱাৰী মাহত দলগাঁৱৰ ক্ষমা শইকীয়া নামৰ মহিলা গৰাকীৰ দলগাঁও ভাৰতীয় ষ্টেট বেংকৰ 35059731580 নং একাউন্টত ১,১০,২৪৪ টকা আছিল৷ মহিলা গৰাকীয়ে যোৱা ১৪ ফেব্ৰুৱাৰীত বেংকৰপৰা নিজে ৫ হাজাৰ টকা উলিয়াই নিয়াৰ পিছত দুদিন পূৰ্বে বেংকৰ বহীখন খাৰুপেটীয়াত থকা ভাৰতীয় ষ্টেট বেংকত আপটুডেট কৰাই অনাৰ পিছত নিজৰ একাউন্টৰপৰা লক্ষাধিক টকা হৰলুকী হোৱা দেখি হতভম্ব হৈ পৰে৷