গুৱাহাটীঃ অসমীয়া পৰম্পৰাগত সাজ পিন্ধি ৰেম্পত খোজ দিলে বলিউড তাৰকা কৰিস্মা কাপুৰে৷ 

অভিনেত্ৰী সাজযোৰৰ ডিজাইনিঙ কৰিছে অসম তথা আৰ্ন্তজাতিক সন্মান লাভ কৰা অসমৰ সংযুক্তা দত্তই৷  অসমৰ সংযুক্তা দত্তৰ ডিজাইনেৰে কৰিস্মা কাপুৰে তুলি ধৰিলে অসমীয়া সাজৰ গৰিমা৷

নতুন দিল্লীত শেহতীয়াভাৱে অনুষ্ঠিত ‘fdci lotus make up fashion week’ত পৰম্পৰাগত মেখেলা চাদৰৰ প্ৰদৰ্শনত অংশ লৈ প্ৰশংসাত মুগ্ধ হৈ পৰে কৰিস্মা কাপুৰ৷

যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ৰুচিবোধৰো পৰিৱৰ্তন হৈছে৷ পাশ্চাত্য সংস্কৃতিক অনুকৰণ কৰিলেও কিছুলোকে নিজ জাতিৰ পৰম্পৰা বজাই ৰাখিছে৷ থিক তেনেদৰে অসমত পৰিৱৰ্তনে সাজ-পোছাকত প্ৰভাৱ পেলাইছে যদিও সংযুক্তা দত্তৰ দৰে এচাম লোকে নিজ সংস্কৃতি, পৰম্পৰাৰ সাজ-পোছাকক বিশ্ব দৰবাৰত চিনাকী দিবলৈ সক্ষম হৈছে৷