119
ফখৰুল ইছলাম, দৰংঃ সমগ্র ৰাজ্যৰ লগতে দৰং জিলাতো মঙলবাৰৰেপৰা আৰম্ভ হৈছে বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক।
এই পষেকৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শুভাৰম্ভণি অনুষ্ঠান। মঙলদৈ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেকৰ শুভাৰম্ভণি কৰে দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰূপলাল নুনিছাই।