♦ অৱশেষত আৰক্ষীৰ জালত তিনি দালাল

খাৰুপেটীয়াঃ আজি কিছুদিনৰপৰা দৰঙৰ বিভিন্ন ঠাইত ভুৱা তন্ত্ৰ-মন্ত্ৰ তথা জৰা-ফুকা আদিৰে চাঞ্চল্যৰ সৃষ্টি কৰা যুৱতী এগৰাকীক আটক কৰে দলগাঁও আৰক্ষীয়ে৷ 

যুৱতীগৰাকীৰ ঘৰ লংকাত৷ নাম তাকবিৰা বেগম৷ জানিব পৰা মতে, কিছুদিন পূৰ্বে দৰঙৰ বেছিমাৰীত হঠাৎ তাকবিৰাৰ 'আবিৰ্ভাৱ’ ঘটে আৰু দুই-এজন পেৰালাইছিছ, বিশেষভাৱে সক্ষম লোকৰ হাত-ভৰি আদি হাতত থকা 'যাদু’ লাঠিৰে জৰা-ফুকাৰ জৰিয়তে ঠিক কৰে বুলি প্ৰচাৰ হোৱাত বেচিমাৰী বজাৰত অন্ধবিশ্বাসী ৰাইজৰ তীব্ৰ হেতা-উপৰা লাগিছিল যুৱতীৰপৰা চিকিৎসা ল’বলৈ।

যুৱতীগৰাকীৰ এই চাঞ্চল্যকৰ খবৰটো বিয়পি পৰাৰ পাছত সৰ্বসাধাৰণ ৰাইজে জৰা ফুকা কৰা চিকিৎসাৰ জৰিয়তে যুৱতীগৰাকীৰ ওচৰ চাপে৷ 
কেইদিনমান পূৰ্বে খাৰুপেটীয়া, দলগাঁও অঞ্চলৰ কেইজনমান বিশিষ্ট লোকেও চিকিৎসাৰ বাবে হাতে হাতে বটল, জগ আদিত পানী ভৰাই লৈ যুৱতীগৰাকীৰ ওচৰ চাপিছিল। 

কিছুদিন লংকাত থকাৰ পাছত পৰহি দৰঙৰ বেছিমাৰীত দোকান এখনৰ ভিতৰত আছাদুল আৰু আব্দুৰ ছামাদ নামৰ দালাল দুজনৰ জৰিয়তে যুৱতীগৰাকীয়ে পুনৰ জৰা-ফুকা কৰিবলৈ আহে৷ 

অভিযোগ মতে, দালালে যুৱতীৰ জৰা-ফুকাৰ বাবদ ৫০০, ১০০০, ১৫০০ টকাৰপৰা ৫০০০ টকা পৰ্যন্ত ৰাইজৰপৰা দাবী কৰে। আৰক্ষীয়ে খবৰ পাই দালালসহ যুৱতীগৰাকীক দলগাঁও আৰক্ষী থানালৈ আনে।

ঘটনা সন্দৰ্ভত সাংবাদিকে জানিবলৈ বিচৰাত যুৱতীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে তেওঁক হেনো আল্লাই/ভগৱানে এনেদৰে চিকিৎসা কৰিবলৈ দিছে। সৰুৰেপৰা এইদৰে তেওঁ চিকিৎসা কৰি আহিছে বুলি উল্লেখ কৰে।

একাংশ ব্যক্তিয়ে এই সমূহ চিকিৎসা ভুৱা বুলি যুৱতী আৰু দালাল চক্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে।