ফখৰুল ইছলাম, খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়াত উদ্ধোধন কৰা হ’ল ফিজিঅ’ থেৰাপী চিকিৎসা কেন্দ্ৰ। সোমবাৰে কেন্দ্ৰটোৰ ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে খাৰুপেটীয়া পৌৰসভাৰ সভানেত্ৰী কৃষ্ণা সাহাই।
কেন্দ্ৰটোৰ স্বত্বাধিকাৰী মৃত্যুঞ্জয় পালৰ উদ্যোগত আৰু বিগেন ইণ্ডিয়া কোম্পানীৰ সৌজন্যত খাৰুপেটীয়া পৌৰ সভাৰ মাজমজিয়াৰ চন্দ্ৰা কমপ্লেক্সত আজিৰপৰা আৰম্ভ হোৱা উক্ত কেন্দ্ৰত অঞ্চলটোৰ ৰাইজে বিনামূলীয়াভাৱে সেৱা লাভ কৰিব। বিগেন ইণ্ডিয়া কোম্পানীৰ ডিৰেক্টৰ চম্পক শৰ্মা, এৰিয়া মেনেজাৰ বিজয় কলিতা, জনেল মেনেজাৰ বুলবুল চৌধুৰীয়ে উদ্ধোধনী অনুষ্ঠানত বিদ্যুৎ চালিত ফিজিঅ’ থেৰাপীৰ কোনো ছাইড ইফেক্ট নাই বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। থেৰাপীৰ জৰিয়তে যিকোনো বেমাৰৰ চিকিৎসা হ’ব বুলিও উল্লেখ কৰে।