খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় ৮ নম্বৰ হামৰেন সমষ্টিৰ অন্তৰ্গত তেলেহৰত বুধবাৰৰপৰা আৰম্ভ হয় প্ৰথম সংখ্যক এম এ চি কাপ চেম্পিয়নশ্বিপ-১৮ ফুটবল প্ৰতিযোগিতা।
উল্লেখ্য যে প্ৰতিযোগিতাখনত সমষ্টিটোত থকা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিত্তিত মুঠ ১৬ টাকৈ ফুটবল দলে প্ৰতিদ্বন্দ্বিতাৰ লক্ষ্যৰে ইতিমধ্যে যোগদান কৰিছে। ইফালে আয়োজিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই চেকার্টু ভোট কেন্দ্ৰ আৰু দেউৰী-ইংলেং কেন্দ্ৰ দল দুটাই।