স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অনুপ্ৰেৰণাৰ লক্ষ্যৰে খেৰণিত শিক্ষাৰ্থীৰ মাজত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিক প্ৰতিযোগিতা।
newsnextoneখেৰণি, ৯ অক্টোবৰঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ প্ৰত্যেকটো বছৰে বিজ্ঞানভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ দৰে এই বৰ্ষতো পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত খেৰণিত অনুষ্ঠিত হৈ যায় বিজ্ঞানভিত্তিক প্ৰতিযোগিতা।
উল্লেখযোগ্য যে অনুপ্ৰেৰণাৰ লক্ষ্যৰে ৰংখাং খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই আয়োজন কৰা আৰ্হি প্ৰকল্প, চিত্ৰাংকন আৰু আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাখনত উক্ত খণ্ডৰ অধীনত থকা মুঠ ১৬ খনকৈ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্র-ছাত্ৰীয়ে অংশ গ্রহণ কৰে। আনহাতে ৰংখাং খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত খেৰণিস্থিত খেৰণি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্প প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে সৌৰ-বিদ্যুৎ উৎপাদন আৰু ইয়াৰ প্ৰভাৱ, সৌৰশক্তি চালিত জাহাজ, ফেন আদিৰ উপস্থাপন কৰাৰ লগতে প্ৰদূষণ, বনধ্বংস আৰু ইয়াৰ আনুষংগিক প্ৰভাৱ, স্বচ্ছ ভাৰত, ড্ৰাগছ সেৱণৰ ভয়াবহতা, সৌৰজগত আদিক মূল বিষয়বস্তু হিচাপে লৈ চিত্ৰাংকন প্ৰতিযোগীতাত অংশগ্ৰহন কৰে ছাত্ৰ-ছাত্ৰীসকলে। আনহাতে বহুতো ছাত্ৰ-ছাত্ৰীয়ে আকস্মিক বক্তৃতাত প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি নিজৰ প্রতিভাৰ পৰিচয় ডাঙি ধৰে।
উল্লেখ্যোগ্য যে প্ৰতিযোগিতাৰ অন্তত এখন মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলং ৰংখাং খণ্ডৰ সমন্বয়ক বীৰেন ডেকাই বিজ্ঞানভিত্তিক প্ৰতিযোগিতাখনৰ তদাৰকতা আৰু মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সভাত উল্লেখিত প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ ছাত্র-ছাত্ৰীসকলক পুৰস্কাৰসহ মানপত্র আদি প্ৰদান কৰে।
কেইবাগৰাকীকৈ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে মুকলি সভাত উপস্থিত থকা বিশিষ্ট অতিথিসকলে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ লগত সংগতি ৰাখি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই প্রতিটো ক্ষেত্ৰতে মানুহৰ জীৱনত কেনেধৰণে পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় আহিছে সেই সন্দৰ্ভত এক সাৰুৱা ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। আনহাতে এই সভাৰ মজিয়াতেই উদ্যোগতাই সকলোকে জানিবলৈ দিয়ে যে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ যোগেদি যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক দিনত ডিফুত অনুষ্ঠিত হবলগীয়া জিলা পৰ্যায়ৰ বিজ্ঞানভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হব।
আনহাতে গুৰুত্বপূৰ্ণ যে আয়োজিত এই প্ৰতিযোগিতাত বিচাৰক হিচাপে ক্ৰমে প্ৰণৱ শৰ্মা, ছাৰ-ইম ৰংফাৰ, প্ৰীতি চৌহান, ববী পাঠক, গোবিন্দ দেৱনাথ ভানু হাজৰিকা আৰু সুমিত চৌহান উপস্থিত হৈ উদ্যোক্তাত বিশেষভাৱে সহায় সহযোগ আগবঢ়ায়।
খেৰণিৰ পৰা কনক দেউৰী,ফোন-৮০১১৬৬২২৩৬।