Home প্ৰযুক্তিখেৰণিত ২৬ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

খেৰণিত ২৬ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

by News Desk
A+A-
Reset
kheroni

newsnextoneখেৰণি, ৮ অক্টোবৰঃ পশ্চিম কাৰ্বি আংলং তথা বৈঠালাংছ’ বিধানসভা সমষ্টিৰ অন্তৰ্গৰ খেৰণিত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হয় ছাত্র-ছাত্ৰীৰ মাজত বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্প উপস্থাপনৰ জৰিয়তে ২৬ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ। উল্লেখযোগ্য যে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আয়োজন কৰা এই  বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্প উপস্থাপনৰ ২৬ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত বৃহত্তৰ খেৰণি অঞ্চলত অৱস্থিত কেবাখনো মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। 

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি থকা ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, হাবিয়াস আৰু প্ৰতিভাৰ প্ৰতি লক্ষ্য ৰাখি খেৰণিস্থিত খেৰণি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা বিজ্ঞানভিত্তিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ তদাৰকতা আৰু অনুষ্ঠানটোৰ বিশদ বিৱৰণ দাঙি ধৰে পশ্চিম কাৰ্বি আংলং ৰংখাং খণ্ডৰ সমন্বয়ক বীৰেন ডেকাই। মনকৰিবলগীয়া যে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে মুল বিষয়বস্তু হিচাপে “এখন পৰিচ্ছন্ন সেউজ আৰু সুস্থ দেশৰ বাবে বিজ্ঞান, প্ৰযুক্তিবিদ্যা উদ্ভাৱন” বিষয়বস্তুৰ লগত সংগতি ৰাখি লুকাই থকা প্ৰতিভাক ৰাইজৰ মাজত দাঙি ধৰাৰ অপ্ৰাণ প্ৰচেষ্টাৰে বিভিন্ন প্ৰণালী আৰু পৰীক্ষামুলক পদ্ধতিৰে প্ৰস্তুত কৰা বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্প উপস্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ আনহাতে আয়োজিত সমাৰোহত সমল ব্যক্তি তথা বিচাৰক হিচাপে ক্ৰমে যাদৱ নাথ, নৱ কুমাৰ ভৰালী, সুনীল বুঢ়াগোহাঁই, ৰামধন তিমুং, মুন্না পাল আৰু চাৰ-ইম ইংলেং উপস্থিত হৈ  উদ্যোক্তা সকলক বিশেষভাৱে সহায় সহযোগ আগবঢ়ায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0