Home বাণিজ্যগ্ৰাম্য অৰ্থনীতি উন্নয়নৰ লক্ষ্যৰে তেলেহৰত পশু পালন-কৃষি কাৰ্য সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান

গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ লক্ষ্যৰে তেলেহৰত পশু পালন-কৃষি কাৰ্য সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান

by News Desk
A+A-
Reset
2fb4bb67-a2ab-4b18-896e-12710304b2a4

কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ তেলেহৰত সোমবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধিনৰ পশু পালন বিভাগৰ উদ্যোগত ৰূপায়ন কৰা হয় পশু পালন-কৃষি কাৰ্য্য সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী লগতে আয়োজন কৰা হয় এখন কৃষি সামগ্ৰী-পশুধন বিতৰণি সভাও। দুই সহস্ৰাধিক কৃষক ৰাইজ আৰু মহিলা আত্ম-সহায়ক গোটৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থকা উল্লেখিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং উপস্থিত থকাৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ ক্ৰমে উপ-সভাপতি প্ৰতাপ টেৰাং, কাৰ্যালয় সম্পাদক হাৰমন বে, পৰিষদীয় হামৰেন সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ’, বিজেপি নেতা মঙ্গল বে’, লংছিং ৰংফাৰ, বিজেপি মহিলা নেতৃবৃন্দকে ধৰি পশু পালন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

বিভাগীয় বিষয়াৰ পশু পালন-কৃষি কাৰ্য্য সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদানৰ পিছতেই পশুধন-কৃষি সামগ্ৰী বিতৰণি সভাত ভাষণ প্ৰসংগত ৰাইজক উদ্দেশ্যি কাৰ্যবাহী সদস্য তিমুঙে কয় যে “গ্ৰামাঞ্চলৰ কৃষক ৰাইজে লাভাম্বিত হ’বলৈ এলান্ধুকলীয়া পৰম্পৰা বাদ দি আধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি কাৰ্য্য সম্পাদন কৰিবলৈ।” লগতে উন্নত মানৰ কৃষি বীজ ব্যৱহাৰ কৰিলেহে কৃষকৰাইজে কম পৰিমাণৰ ভূমিত অধিক উৎপাদন কৰি অধিক অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰিব বুলি কয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0